চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি ৰহস্যজনক

২৯নবেম্বৰত চাহ বগিছা বন্ধ ঘোষণা

0 82

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল

পদমৰ্যাদা হ্ৰাস কৰি মালিকপক্ষৰ হৈ মধ্যস্থতাকাৰীৰ ভূমিকাত মুখ্যমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ছেপ্টেম্বৰঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিছাৰ গৰাকীসকলৰ হৈ মধ্যস্থতাকাৰীৰ দৰে ভূমিকা পালন কৰিছে৷ তেওঁ চাহ শ্ৰমিক সংগঠনৰে আলোচনা নকৰি প্ৰথমে চাহ বাগিছাৰ গৰাকী সকলৰ লগত মজুৰিৰ বিষয়টো আলোচনা কৰি গৰাকীসকলৰ কথা মতেই চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ বৃদ্ধিৰ প্ৰস্তাৱৰ কথা ২২ছেপ্টেম্বৰত প্ৰকাশ কৰিছিল৷পাছত ইয়াকেলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ২৮ ছেপ্টেম্বৰত চাহ শ্ৰমিক সংগঠনৰ স’তে এক আলোচনা অনুষ্ঠিত কৰি চাহবাগিছাৰ গৰাকী সকলে ঘোষিত ১৮টকা মজুৰিও বৃদ্ধি কৰিবলৈ ইচ্ছুক নহয় ৷” তেজপুৰত আজি এক সংবাদমেলত এইকথা প্ৰকাশ কৰে চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিয়ে৷ আজি দিনৰ ১১বজাত তেজপুৰস্হিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ মুখ্য আহ্বায়ক বিবেক দাস, আছাৰ সভাপতি গডউইন হেম্ব্ৰম,আৱাৰ সাধাৰণ সম্পাদিকা চিচিলিয়া তপ্ন বাৰ্লা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ হাচিদ আহমেদ, এবিচিএমএছৰ সভাপতি দীনেশ নায়ক,অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কোষাধ্যক্ষ নৰোত্তম চুণ্ডীয়ে সংবাদমেলত প্ৰকাশ কৰে যে,প্ৰকৃততে শ্ৰমিক মজদুৰ সংগঠন আৰু চাহবাগিছাৰ গৰাকী পক্ষৰ মাজত পোনপটীয়া আলোচনা হ’বলাগিছিল আৰু এই ক্ষেত্ৰত চৰকাৰী শ্ৰম বিভাগ আদিও আছিল৷এনে আলোচনা ব্যৰ্থ হ’লেহে আচলতে বিষয়টোত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগিছিল৷কিন্তু তাকে নকৰি প্ৰথমতেই মুখ্যমন্ত্ৰীয়ে বিষয়টোত মৰ্যাদাহানীকৰ ভাবে সোমাই গৰাকী আৰু শ্ৰমিকৰ মাজত পৃথকে আলোচনা কৰা আৰু গৰাকী সকলৰ কথাকেই তেওঁ চাহ শ্ৰমিকৰ ওপৰত জাপি দিবলৈ ওলোৱা বুলি উল্লেখ কৰি কয় যে শেহতীয়াকৈ মজুৰি বৃদ্ধিৰ পৰিমাণটোও আদায় দিবলৈ আনকি চাহবাগিছাৰ গৰাকী সকল ইচ্ছুক নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ইয়াতকৈ অধিক মজুৰি বৃদ্ধি কৰিলে ৰাজ্যত চাহবাগিছা বন্ধ হ’ব বুলি শ্ৰমিক মজদুৰ সংগঠন সমূহৰ আগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা বুলিও সদৰী কৰা হয় সংবাদমেলত৷এই সন্দৰ্ভত আহ্বায়ক দাসে কয় “যি গৰাকী মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ৰাজ্যত বহুপৰিমানৰ মাটি ক্ৰয় কৰাৰ বিষয়ে প্ৰকাশ পাইছে তথা পৰিয়ালে ৰাজ্যত এখনৰ পিচত এখন চাহ বাগিচা ক্ৰয় কৰিছে বুলিও ওলাই আছে, সেই গৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসমৰ চাহ শ্ৰমিকে আইন- বিধি সন্মত ন্যূনতম মজুৰি লাভ কৰাৰ আশা ক্ষীণ ৷ তৎসত্বেও ৰাজ্যৰ চাহ শ্ৰমিকৰ নায্য ন্যূনতম মজুৰি প্ৰাপ্তিৰ বাবে সংগ্ৰাম চলাই যোৱা হ’ব৷” সংবাদমেলত ২৮ চেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে আহ্বান কৰা মজুৰি সম্পৰ্কীয় সভাত চাহ শ্রমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা নহ’ব বুলি ঘোষণা কৰা কাৰ্যক চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতি(জেকট)য়ে চৰম দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে আৰু এই ঘোষণাই মুখ্যমন্ত্ৰী গৰাকীৰ মিছলীয়া মনোবৃত্তিৰ আকৌ এবাৰ উদঙাই দেখুৱালে। চাহ শ্রমিকৰ ন্যূনতম মজুৰিৰ ক্ষেত্ৰত হিমন্ত চৰকাৰে চৰুক শুধি চাউল বঢ়োৱাৰ নীতি লৈছে আৰু মালিকে ন্যূনতম মজুৰি নেমানে বুলি কৈ মালিকৰ প্ৰস্তাৱ মানি ল’বলৈ ইউনিয়ন সমুহক হেচা দিছে।সংগঠনটোৱে কয় যে এই মজুৰি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আইন আৰু ন্যায়লয়ৰ ৰায়হে আধাৰ হোৱা উচিত। কিয়নো দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় দি থৈছে যে মিনিমাম কেনট বি মিনিমাইজদ আৰু এই ক্ষেত্ৰত দৰদাম নীতি প্ৰযোজ্য নহয়।সংবাদমেলত কোৱা হয় যে,মালিক আৰু শ্ৰমিকৰ মাজত আলোচনা কৰিবলৈ ইউনিয়ন আছে আৰু বিবাদ হ’লে মধ্যস্থতা কৰিলৈৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয় আছে।তেনে ক্ষেত্ৰত খোদ মুখ্যমন্ত্ৰী গৰাকী ইউনিয়ন আৰু মধ্যস্থতাকাৰীৰ ভুমিকাত অৱতীৰ্ণ হোৱা কাৰ্য ৰহস্যজনক আৰু গণতন্ত্ৰৰ বাবে বিপদজনক। সংগঠনটোৱে কয় যে ২০১৮ ত ৰাজ্যৰ শ্ৰম আ‌য়ুক্তই চাহ শ্রমিকৰ ন্যূনতম দৈনিক মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণ কৰি মজুৰি উপদেষ্টা বৰ্ডৰ বৈঠকত প্ৰস্তাৱ দাখিল কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে মিটিং কৰি থকাতকৈ ২০১৮ ত ৰাজ্যৰ শ্ৰম আ‌য়ুক্তই যি হিচাপ কৰি চাহ শ্রমিকৰ ন্যূনতম দৈনিক মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণ কৰিছিল,সেই হিচাপটো ভুল আছিল নে শুদ্ধ আছিল সেই কথাটো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগে। সংগঠনটোৱে দাবী জনাই যে ২০১৮ ত অসম চৰকাৰৰ শ্ৰম আয়ুক্তই হিচাপ কৰি উলিওৱা পৰিমাণটোকে আধাৰ হিচাপে লৈ পৰৱৰ্তী পাঁচ বছৰৰ চলমান মৰগীয়া ভাট্টা(ভিডিএ) যোগ কৰি চাহ শ্রমিকৰ ন্যূনতম দৈনিক মজুৰি ঘোষণা কৰিব লাগে আৰু যদি মুখ্যমন্ত্ৰীয়ে সেই ঘোষণা কৰিবলৈ সাহস কৰিব নোৱাৰে তেন্তে মিছাকৈ সক্ষম বুলি ফুলজাৰি মৰা বন্ধ কৰি নিজৰ অক্ষমতা স্বীকাৰ কৰি পদত্যাগ কৰা উচিত বুলিও সংবাদমেলত দাবী জনোৱা হয়।সংগঠনটোৱে সংবাদমেলত জনায় যে অহা ২৯ নবেম্বৰত চাহ শ্রমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণৰ দাবীত ৰাজ্যৰ সকলো চাহ বাগিচাত সৰ্বাত্মক ধৰ্মঘট ৰূপায়ণ কৰা হ’ব। সংগঠনটোৱে আৰু জনায় যে,অহা ১৫ অক্টোবৰত গুৱাহাটীত সকলো ইউনিয়ন আৰু সামাজিক সংগঠনক লৈ জেকট’ য়ে এক মজুৰী নিৰ্ধাৰণ মহাসভাৰ আহ্বান কৰিব আৰু ইয়াৰ লগতে অহা ফেব্ৰুৱাৰীত ৰাজ্যজুৰি চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি নিৰ্ধাৰণৰ দাবীত পদযাত্ৰা কৰা হ’ব৷আনহাতে সংবাদমেলত আহ্বায়ক দাসে কয় যে,যোৱা পাঁচবছৰে ন্যূনতম দৈনিক মজুৰি নিৰ্ধাৰণ নকৰাকৈ থকাটো এক অনিয়ম য’দিও মুখ্যমন্ত্ৰীয়ে এতিয়া এয়া নিৰ্ধাৰণ কৰিলে চাহকোম্পানী সমূহ ৰাজ্যৰ পৰা গুছি যাব আৰু শ্ৰমিকৰ মজুৰি বন্ধ হৈ পৰিব বুলি চাহবাগিছাৰ মালিকপক্ষক সুৰক্ষিত কৰাৰ চেষ্টাত নামিছে৷তেওঁ কয় যে ৰাজ্যত নশতাধিক বৃহৎ চাহবাগিছাৰ লগতে প্ৰায় ১২লাখ চাহ শ্ৰমিক আছে৷এইসকলক ক্ষমতালৈ আহিলে ন্যূনতম দৈনিক মজুৰি নিৰ্ধাৰণ কৰি সেই মতে মজুৰি আদায়ৰ প্ৰতিশ্ৰুতি দি বিজেপি ক্ষমতালৈ আহিছিল৷সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়ত সেয়া কাৰ্যকৰী নহ’ল আৰু পাছত নিজকে সকলোক্ষেত্ৰতেই অতি সফল মুখ্যমন্ত্ৰী হিচাপে জাহিৰ কৰা হিমন্ত বিশ্ব শৰ্মায়ো এতিয়া চাহবাগিছাৰ মালিকৰ পক্ষ লৈ তেওঁৰ সফলতাৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্য যে পূৰ্বৰ মুখ্যমন্ত্ৰী সোনোৱালকহে অসফল বুলি দেখুৱাবলৈ কৰা চেষ্টা তাকেই স্পষ্ট কৰিছে বুলিও দাসে কয়৷তেওঁ লগতে কয় যে,তামিলনাডুত চাহশ্ৰমিকৰ দৈনিক মজুৰি চাৰিশ টকা আৰু কৰ্ণাটকত তিনিশ টকা৷এনেস্থলত অসমতে আটাইতকৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি কম৷আনহাতে আছাৰ সভাপতি গডউইন হেম্ব্ৰমে কয় যে চাহ শ্ৰমিক সকলক পূজাৰ বোনাচ পূৰ্বৰ দৰেই ২০শতাংশ আদায় দিব লাগিব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More