বৰ্ণাঢ্য ৰূপত তেজপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ 

0 10

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : অসমীয়া জাতি নিৰ্মাতা, পুৰোধা, সমাজ বিজ্ঞানী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাব তিথি অৰ্থাৎ শংকৰ জন্মোৎসৱৰ আজিৰ দিনটোত পুৱাৰ পৰাই তেজপুৰৰ বিভিন্ন নামঘৰ, হৰিমন্দিৰৰ লগতে বিভিন্ন অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰে। তেজপুৰ আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ জন্মোৎসৱ সমিতিৰ উদ্যোগত তেজপুৰ চাৰিআলিৰ মুখ্য কাৰ্যালয়ত পুৱা প্ৰভাত ফেৰী, ঊষা কীৰ্ত্তনৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি জিতেন বৰঠাকুৰে।ভকত – বৈষ্ণৱ, গায়ন বায়নৰ খোল – তাল আৰু আয়তীৰ মংগল উৰুলিৰ মাজত এই ধৰ্মধ্বজা উত্তোলনৰ পিছতেই গুৰুগৃহত ব্ৰহ্মচাৰী সত্ৰৰ অধিকাৰ দীপক মহন্তৰ পৰিচালনাত আৰম্ভ হয় নাম – কীৰ্ত্তন। আনহাতে পহুমৰা চুবুৰী ৰাজহুৱা শংকৰ জন্মোৎসৱৰ কাৰ্যসূচীত ভাগৱত শোভাযাত্ৰাৰ লগতে তেজপুৰ কমাৰ চুবুৰী নামঘৰ পৰিচালনা সমিতিয়েও নামঘৰৰ পৰা আৰম্ভ কৰা ভাগৱত শোভাযাত্ৰাত শতাধিক ভক্তিপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। একেদৰে তেজপুৰৰ অন্যতম আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ উদ্যোগতো পুৱাই তেজপুৰ চহৰত উলিওৱা ভাগৱত শোভাযাত্ৰাই চহৰখন বৈকুণ্ঠ নগৰীলৈ পৰিণত কৰে।একেদৰে দ – পৰ্বতীয়াৰ মাধৱ মন্দিৰ প্ৰাংগন, শ্ৰী শ্ৰী নিকামূল সত্ৰকে ধৰি প্ৰত্যক নামঘৰতে নাম প্ৰসঙ্গ, হৰিনাম কীৰ্ত্তন, ধৰ্মালোচনী সভা, বৰগীত প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা আদিৰে মুখৰিত হৈ পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More