২০২৪ৰ অক্টোবৰলৈকে নিষিদ্ধ নহয় আধা লিটাৰ পানীৰ বটল

তিনিচুকীয়াত নৰ্থ ইষ্ট পেকেজড্ ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰাৰ্ছ এছ’চিয়েছন আৰু কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ সংবাদমেল

0 53
  • নিষিদ্ধকৰণৰ সিদ্ধান্তই বিধ্বস্ত কৰিব ৰাজ্যৰ অৰ্থনীতি
  • সৰ্বস্বান্ত হ’ব ৰাজ্যৰ ২০৯ উদ্যোগী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে আধা লিটাৰ পানীৰ বটল নিষিদ্ধ ঘোষণা কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱনলৈ অমানিশা নামি অহাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদৰ ভেটিত এক প্ৰচণ্ড মাধমাৰ পৰিব বুলি সকীয়াই দি এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে চৰকাৰক আহ্বান জনাইছে নৰ্থ ইষ্ট পেকেজড্ ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰাৰ্ছ এছ’চিয়েছন আৰু কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (কেইট) নামৰ সংগঠন দুটাই ৷ আজি তিনিচুকীয়া প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সংগঠন দুটাৰ নেতৃবৃন্দই কয় যে বৰ্তমান সময়ত অসমত পেকেজড্ ড্ৰিংকিং ৱাটাৰৰ ২০৯ টা উদ্যোগ আছে ৷ এই উদ্যোগসমূহত ৬ হাজাৰ প্ৰত্যক্ষভাৱে নিয়োজিত হৈ থকাৰ উপৰি পৰোক্ষভাৱে প্ৰায় ৫০ হাজাৰ লোকে এই উদ্যোগসমূহৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা উপাৰ্জন কৰি আছে ৷ প্ৰতিটো নিৰ্দিষ্ট পৰিমাণৰ পানীৰ বটল প্ৰস্তুত কৰাৰ বাবে উদ্যোগসমূহক প্ৰয়োজন হয় পৃথক পৃথক মেচিনৰ ৷ শতকৰা প্ৰায় ৯৫ টা উদ্যোগতে সহজলভ্য হৈছে আধা লিটাৰ পানীৰ বটল প্ৰস্তুত কৰা মেচিনৰ ৷ কিয়নো আধা লিটাৰ পানীৰ বটলৰ চাহিদা সৰ্বাধিক৷ নৰ্থ ইষ্ট পেকেজড্ ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰাৰ্ছ এছ’চিয়েছনৰ নেতৃত্বই সংবাদমেলত প্ৰকাশ কৰা মতে মুঠ বিক্ৰী হোৱা পেকেজড্ ড্ৰিংকিং ৱাটাৰ বটলৰ ৯০ শতাংশই আধা লিটাৰৰ বটল ৷ বিভিন্ন পক্ষই পেকেজড্ ড্ৰিংকিং ৱাটাৰ বটলসমূহ পৰিৱেশ প্ৰদূষণকাৰী এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিকৰ পৰা নিৰ্মিত বুলি ভুল ধাৰণা পোষণ কৰি অহা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে এই বটলসমূহ ৰিচাইকল প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী ৷ নৰ্থ ইষ্ট পেকেজড্ ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰাৰ্ছ এছ’চিয়েছনৰ নেতৃবৃন্দই প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে আধা লিটাৰ পানীৰ বটল নিষিদ্ধ কৰিব বুলি ঘোষণা কৰাৰ পাছত ২৮ আগষ্টত এছ’চিয়েছনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সকলো দিশ উল্লেখ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বক্তব্য দাঙি ধৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে ২৫০ এম এল পৰিমাণৰ পানীৰ বটল পূৰ্বৰ ঘোষণা অনুসৰি নিষিদ্ধ কৰা হ’ব যদিও আধা লিটাৰ পানীৰ বটলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আগন্তুক ২০২৪ বৰ্ষৰ অক্টোবৰলৈকে পিছুৱাই দিয়াৰ লগতে পৰৱৰ্তী সময়ত এছ’চিয়েছনৰ সৈতে বিতং আলোচনাত বহাৰ আশ্বাস দিয়ে ৷ অৱশ্যে এই সন্দৰ্ভত আজি পৰ্যন্ত তেওঁলোকে কোনো আনুষ্ঠানিক নথি লাভ কৰা নাই বুলি জানিবলৈ দিয়ে ৷ আনহাতে কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (কেইট) নামৰ সংস্থাটোৱেও ইতিমধ্যে ৫ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিষয়ত আলোচনাত মিলিত হৈছে ৷ চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নীতিনিয়ম মানি প্ৰয়োজনীয় অনুজ্ঞাপত্ৰকে ধৰি যাৱতীয় নথিপত্ৰ সংগ্ৰহ কৰি ঘৰ, মাটি বন্ধকত থৈ বেংকৰ পৰা ঋণ লোৱা ঋণেৰে এটা পেকেজড্ ড্ৰিংকিং ৱাটাৰ উদ্যোগ স্থাপন কৰাৰ পাছত চৰকাৰে সৰ্বাধিক চাহিদা থকা আধা লিটাৰৰ বটল নিষিদ্ধ কৰিলে এই উদ্যোগৰ লগত জড়িত লোকসকল সৰ্বস্বান্ত হ’ব বুলি উল্লেখ কৰি এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে অসম চৰকাৰক নৰ্থ ইষ্ট পেকেজড্ ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰাৰ্ছ এছ’চিয়েছন আৰু কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ (কেইট) তৰফৰ পৰা আহ্বান জনোৱা হয় ৷ আজিৰ সংবাদমেলত নৰ্থ ইষ্ট পেকেজড্ ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰাৰ্ছ এছ’চিয়েছনৰ যুটীয়া সম্পাদক হিমাংগ ৰাজ বৰঠাকুৰ, কাৰ্যনিৰ্বাহক সদস্য দ্বীপ চৌধুৰী প্ৰমুখ্যে নেতৃবৃন্দৰ লগতে কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ (কেইট) ৰাষ্ট্ৰীয় উপ-সভাপতি তথা উত্তৰপূৱৰ আহ্বায়ক প্ৰকাশ বেইড উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More