আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

0 76

উত্তৰ লখিমপুৰ,১৩ ফেব্ৰুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত কালি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা , প’ষ্টাৰ ড্ৰয়িং আদি প্ৰতিযোগিতাত বগীনদী উন্নয়ন খণ্ড অন্তৰ্গত প্ৰায় বিশখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা বিজ্ঞান ভিত্তিক আৰ্হিৰ (Model) প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে লখিমপুৰ জিলাৰ অধিবিদ্যা পৰিষদৰ সম্পাদক প্ৰদীপ বৰাই। মহান মনিষী আৰ্যভট্টদেৱৰ প্ৰতিচ্ছবি সমুখত বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰামনাথ হাজৰিকাই। আদৰণী ভাষণ প্ৰদান কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ সভানেত্ৰী তথা কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়াই।প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে উপস্থিত থাকে ৰূপহী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমল নেওগ, উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ বৰঠাকুৰ,লখিমপুৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ সহকাৰী Curator স্বপ্ননীল শইকীয়া আৰু শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলৰ বিজ্ঞান শিক্ষয়িত্ৰী নিৰু নাথ। আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতাত প্ৰথম সংগম একাডেমী (মিঠুৰাজ কোঁৱৰ, দিশান শইকীয়া), দ্বিতীয় মণিং গ্ল’ৰি হাইস্কুল (তন্ময় চেতিয়া,যুক্তৱন্ত সোণোৱাল) তৃতীয় কদম জাতীয় বিদ্যালয় ( হিমাংশু গগৈ, লক্ষ্য ৰাজ কোঁৱৰ)ৰ দলটিয়ে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে হিমাশ্ৰী শইকীয়া (দীৰ্ঘা মাজ গাঁও উচ্চ মাধ্যমিক বিদ্যালয়), দ্বিতীয় সত্যজিৎ বৰা (কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়), তৃতীয় প্ৰিয়ংকা শইকীয়া ((দীৰ্ঘা মাজ গাঁও উচ্চ মাধ্যমিক বিদ্যালয়)ই।প’ষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতাত গিৰিৰাজ সোণোৱাল (মণিং গ্ল’ৰি হাইস্কুল), নিমিষা গৌতম (সংগম একাডেমী) আৰু পৰিণীতা শইকীয়া (সংগম একাডেমী) ই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। একেদৰে ধাৰণা(Idea ) প্ৰতিযোগিতাতো প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে গৰিমা দোলাকাষৰীয়া (সংগম একাডেমী), সত্যজিৎ বৰা (কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়) আৰু পৰিস্মৃতা হাজং(কাটৰী চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়)। স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে জিলা ভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ সমন্বয়ক অমৃত শৰ্মাই জনোৱাৰ লগতে মানপত্ৰ আৰু ট্ৰফি প্ৰদান কৰে। লখিমপুৰ জিলাৰ অধিবিদ্যা পৰিষদৰ সভাপতি ডম্বৰুধৰ নেৱাৰৰ লগতে বহু কেইখন বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানটি আঁত ধৰে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শিখা জ্যোতি কোঁৱৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More