নৰ্দমাসদৃশ পানীৰে সোৱণশিৰি বৈছে

প্ৰকল্পৰ বিৰুদ্ধে উত্তাল গোগামুখ-গেৰুকামুখ

0 138

 

শতাব্দ প্ৰতিবেদক, গোগামুখ ২৮ অক্টোবৰঃ গেৰুকামুখত নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন এইচ পি চিয়ে হত্যা কৰিলে চিৰ প্ৰবাহমান সোৱণশিৰি নৈক ৷ এতিয়া আৰু নদীখনে ইচ্ছামতে বৈ নাযায় আৰু নিৰ্মল, বিশুদ্ধ জলধাৰাও নাথাকিব৷ কালি পুৱা প্ৰায় ৯ বজাত (এন এইচ পি চিৰ মতে ১১-৩০) নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষতে থকা ১ নং ডাইভাৰছনেল টানেল খহি টানেলটো বন্ধ হৈ পৰিছিল৷ ফলত সোৱণশিৰি নদীৰ গতি স্তব্ধ হৈ পৰিছিল ৷ নদীখনৰ গতি স্তব্ধ হৈ পৰাত নৈপৰীয়া ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল৷ এতিয়াও এই আতংক মাৰ যোৱা নাই ৷ কালি মাজনিশা প্ৰায় ১১ বজাৰ পৰা বান্ধৰ ওপৰেদি লাহে লাহে পানী বাগৰিবলৈ আৰম্ভ কৰে আৰু আজি  দুপৰীয়ালৈ যথেষ্ট পৰিমাণে সোৱণশিৰি নদীৰ জলস্তৰ বৃদ্ধি পাইছে৷ নিশালৈ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু সোৱণশিৰি জলৰাশি এতিয়া পূৰ্বৰ দৰে নিৰ্মল, ফটফটীয়া নহয় ৷ গতি মন্থৰ, ফেনিল আৰু বোকাপানীৰে ভৰপূৰ হৈ নৰ্দমাসদৃশ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত  নদীখনৰ প্ৰাকৃতিক প্ৰবাহ স্তব্ধ হৈ এখন মৃত নদীলৈ পৰিণত হ’ল এইয়া স্পষ্ট হ’ল ৷ উল্লেখ্য যে সোৱণশিৰি নদীৰ সৰ্বোচ্চ প্ৰবাহ প্ৰতি ছেকেণ্ডত ১৮০০০ ঘন মিটাৰ ৷ সৰ্বনিম্ন প্ৰবাহ প্ৰতি ছেকেণ্ডত ১৩১ ঘন মিটাৰ ৷ কালিলৈকে নদীখনৰ স্বাভাৱিক প্ৰবাহ প্ৰতি ছেকেণ্ডত  ৯৯৭ কিউবিক মিটাৰ আছিল ৷ কিন্তু কালিৰে পৰা ১৪ ঘন্টা ধৰি নদীখন শুকাই থকাৰ ফলত নদীখন কিমান আঘাত হ’ল তাক লৈ নদী বিশেষজ্ঞসকলে অনুসন্ধান কৰিবলৈ অসম চৰকাৰ তথা জল আয়োগক দাবী জনাইছে ৰাইজে ৷
প্ৰতিবাদঃ
ইপিনে আজি গেৰুকামুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ উদ্যোগত ৰূপায়ণ কৰা উক্ত বিক্ষোভ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গ’ বেক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ কাম নাই, নদীবান্ধ আমাক নালাগে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়ক আদি শ্ল’গান দি এন এইচ পি চিৰ মূল প্ৰৱেশ দ্বাৰ অভিমুখে আগবাঢ়ে ৷ বিক্ষোভকাৰীসকলক বাধা দিবলৈ তাত  আগৰে পৰা ৰৈ থকা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ মাজত বিক্ষোভকাৰীৰ মাজত তীব্ৰ বাক্‌-বিতণ্ডা আৰু হতাহতিৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতে বিক্ষোভকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা  এন এইচ পি চিৰ পুত্তলিকা দাহ কৰে ৷ বিক্ষোভস্থলীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে কয়-অসমৰ বিশেষজ্ঞ কমিটি আৰু অসমৰ দল-সংগঠনবোৰে ঠিকেই কৈছিল যে গেৰুকমুখৰ দৰে ভঙ্গুৰ শিলাখণ্ডত বৃহৎ নদীবান্ধ সম্ভব নহয় ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ দল-সংগঠন, বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ নুশুনি কেৱল এন এইচ পি চিৰ স্বাৰ্থত কাম কৰিলে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ জনস্বাৰ্থ বিৰোধী চৰকাৰ ৷ এইখন চৰকাৰে বহুজাতিক কোম্পানীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ জনসাধাৰণক মৃত্যুমুখলৈ ঠেলি দিবলৈও কোনো কেৰেপ নকৰে ৷ তেওঁ কয়- এতিয়া সোৱণশিৰিপৰীয়া ৰাইজে নৈখনৰ মৃত্যু নিচেই ওচৰৰ পৰা দেখিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা যে নৈপৰীয়া ৰাইজ প্ৰতিনিয়ত ত্ৰাসৰ মাজত থাকিব লাগিব আৰু কাৰ-কেতিয়া মৃত্যু হয় তাৰ যে কোনো নিশ্চয়তা নাই, তাকে প্ৰমাণ কৰিছে কালি প্ৰকল্পস্থলীত পাহাৰ খহি ডাইভাৰছনেল টানেল বন্ধ হোৱা ঘটনাই ৷ টানেল বন্ধ হোৱাৰ পাছত সোৱণশিৰি নদী শুকাই গ’ল ৷ নদীখনৰ আবদ্ধ পানীয়ে কেতিয়া জলবোমাৰ সৃষ্টি হয় তাৰো নিশ্চয়তা নাই ৷ গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিবলৈ সকলো ৰাইজ মাৰবান্ধি থিয় দিব লাগে বুলি ছাত্ৰ নেতা বৰগোহাঁয়ে ৰাইজক আহ্বান জনায় ৷
গোগামুখত আছুৰ উত্তাল প্ৰতিবাদঃIMG 20231028 WA0019 e1698500769494 আৰক্ষী আৰু আছুৰ মাজত হতা-হতিঃ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আজি গোগামুখত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সোৱণশিৰিপৰীয়া ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰা সোৱণশিৰিৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ দাবীত গোগামুখ নগৰৰ মাজমজিয়াত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা বিক্ষোভ কাৰ্যসূচীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীত বাধা দিয়াত আছু আৰু আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডা‌ আৰু হতা-হতি সৃষ্টি হোৱাত পৰিবেশ উত্তাল হৈ পৰে । এন এইচ পি চি গʼবেক, নৰেন্দ্ৰ মোদী গʼবেক, মুখ্য মন্ত্ৰী হায়, হায়,  ৰণোজ পেগু হুচিয়াৰ, সোৱণশিৰিপৰীয়া ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্লʼগানেৰে গোগামুখৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ ৰাজীৱ গগৈ, ৰবি কছাৰী, দীপক শৰ্মা, জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইৰ লগতে দুই শতাধিক আছু কৰ্মীয়ে  অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More