তেজপুৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

চৰকাৰক কাৰ্টুনৰ ৰূপত উপস্থাপন

0 58

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫অক্টোবৰঃ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷উন্নয়নৰ নামত ফুটা কলহ পূৰ নোহোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্টুন চৰিত্ৰৰ লগতে বৰ্ধিত বিদ্যুৎ মাচুলৰ নিৰ্দেশনা তথা অতপালি অব্যাহত ৰখা এপিডিচিএলৰ কাৰ্টুন সন্মুখত লৈ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিকুল বতৰৰ মাজতে সমদল কৰি অহা কংগ্ৰেছ কৰ্মী সকলে তেজপুৰস্হ শক্তি বিতৰণ কোম্পানীৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যুৎ মাচুল বৃদ্ধি নচলিব,বিদ্যুৎ মাচুল হ্ৰাস কৰক,বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷উল্লেখযোগ্য যে,শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী “অসম চৰকাৰৰ ৰিমোট ত নাচে বিদ্যুৎ বিভাগে ” শীৰ্ষক বিষয় উপস্হাপন কৰি এই চৰকাৰ আৰু বিভাগে সৰ্বসাধাৰণৰ সমস্যাক গুৰুত্ব নিদিয়ে বুলি প্ৰকাশ কৰে৷যেনেদৰে ৰবটৰ হৃদয় নাই, মানুহৰ অনুভূতি নুবুজে
ঠিক তেনেদৰে বিদ্যুৎ বিভাগো বৰ্তমান এক ৰবটলৈ পৰিবৰ্তন হ’ল আৰু চৰকাৰৰ ৰিম’ট ত উঠ বহ কৰি, বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে হোৱা ৰাইজৰ দুখ দুৰ্দশাক নুবুজে বুলি প্ৰতিবাদৰে উপস্থাপন কৰাৰ লগতে চৰকাৰ অমৃত কলহ যাত্ৰাত ব্যস্ত থকাকলৈ কটাক্ষ কৰা হয়৷ আনহাতে প্ৰতিবাদকাৰী সকলে বিদ্যুৎ কাৰ্যালয়ৰ সন্মুখত বিদ্যুৎ মাছুল বৃদ্ধিৰ চৰকাৰী নিৰ্দেশনা দাহ কৰি ৰাজ্যত অনাগত দিনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে প্ৰতিঘৰলৈ দুশ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিব বুলি প্ৰতিজ্ঞাবদ্ধ হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More