লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল চৰকাৰৰ উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় বঁটা

0 54

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ উচ্চ শিক্ষা খণ্ডত অনবদ্য অৱদান আগবঢ়োৱা ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লখিমপুৰৰ বিশিষ্ট ব্য়ক্তি বলিনাৰায়ণ ফুকনক অৰুণাচল চৰকাৰে উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় আৰু শীৰ্ষতম বঁটা “উচ্চ শিক্ষাৰ অগ্ৰণী, ২০২২” প্ৰদান কৰে। যোৱা ২১ ছেপ্টেম্বৰত ইটানগৰত অনুষ্ঠিত হোৱা ৰাজ্যখনৰ উচ্চ আৰু কাৰিকৰী শিক্ষাৰ একবিংশ সংখ্যক সন্মিলনৰ  উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালে এই বঁটা প্ৰদান কৰে। উল্লেখ্য যে ফুকনে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ উক্ত মহাবিদ্যালয়ত অধ্যপনা কৰাৰ সমান্তৰালভাবে ৰাজ্যখনত উচ্চ শিক্ষাৰ প্ৰসাৰত মনোনিৱেশ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More