চাকৰি সন্ধানী প্ৰাৰ্থীৰ বাবে সুখবৰ

অসম দক্ষতা বিকাশ মিশ্যনৰ উদ্যোগত লাৰছেন এণ্ড টাৰব' কনষ্ট্ৰাকচনৰ ১৫০০ তকৈও অধিক পদত নিয়োগৰ সুবিধা

0 121

শতাব্দ, লক্ষীমপুৰ ২২ ফেব্ৰুৱাৰীঃ দেশৰ আগশাৰীৰ নিৰ্মাণ কোম্পানী লাৰছেন এণ্ড টাৰব’ কনষ্ট্ৰাকচন (L&T Construction)ৰ অধীনত অসম তথা ভাৰতৰ অন্যান্য ঠাইত চলি থকা প্ৰকল্প সমূহত ১৫০০ত কৈও অধিক প্ৰযুক্তিবিদৰ আৱশ্যক‌ হৈছে বুলি জানিব পৰা গৈছে। লাৰছেন এণ্ড টাৰব’ কনষ্ট্ৰাকচনৰদ্বাৰা পৰিচালিত কাঞ্চিপূৰমস্থিত ‘কনষ্ট্ৰাকচন স্কিল ট্ৰেইনি্ং ইনষ্টিটিউট’ত (CSTI-Kanchipuram) ত মাথো ২-৩ মাহৰ প্ৰশিক্ষণৰ পাছতেই ইচ্ছুক প্ৰাৰ্থীসকলে এই পদ সমূহত নিযুক্তি লাভ কৰিব। প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষণৰ সময়ত থকা-খোৱা সকলো সুবিধা বিনামূলীয়াকৈ লাভ কৰিব।অসম দক্ষতা বিকাশ মিশ্যন (ASDM) উদ্যোগত আৰু লাৰছেন এণ্ড টাৰব’ কনষ্ট্ৰাকচনৰ সহযোগিতাত এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰশিক্ষণৰ পিছত এশ শতাংশই নিযুক্তিৰ নিশ্চিতি (গ্যাৰাণ্টি) প্ৰদান কৰা হৈছে। এনএপিএছ (NAPS)ৰ অধীনস্থ প্ৰাৰ্থীৰ দৰমহাৰ নিৰিখ মাহিলী ১৩০০০.০০ টকা আৰু এনএপিএছ নোহোৱা (NON – NAPS) প্ৰাৰ্থীৰ দৰমহাৰ নিৰিখ মাহিলী ১৮০০০.০০ টকা। ইচ্ছুক প্ৰাৰ্থীয়ে বিস্তৃত তথ্যৰ বাবে 8638982076 নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু নিজৰ বায়’দাতা লক্ষীমপুৰ নিয়োগ বিনিময় কেন্দ্ৰত জমা কৰিব পাৰিব বুলি লক্ষীমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More