ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
গোৱালপাৰাৰ মঘো গাঁৱত পামচু মহোৎসৱ আৰম্ভ
গোৱালপাৰা,৩০ আগষ্ট: ৰাভা লোক-সংস্কৃতিত পৰম্পৰাভাবে ব্যৱহৃত হৈ অহা এবিধ গছ-- পামচু। এই গছজোপাত ৰঙাবৰণৰ ফুল ফুলে।মৃতকৰ আত্মাৰ চিৰ শান্তিৰ বাবে এইবিধ গছজোপাৰ নামেৰে গীত পৰিবেশন কৰা হয়। সেই পৰম্পৰাকে উজ্জ্বীৱিত কৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত আৰু খি'ছান নালা নামৰ সাংস্কৃতিক কেন্দ্ৰ, অসমৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে মঘো গাঁৱত আৰম্ভ হৈছে পামচু মহোৎসৱ ।এই মহোৎসৱত জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাৰ লক্ষ্য-উদ্দেশ্যেৰে ভিন্ন জনগোষ্ঠীয় শিল্পী দলৰ…
তিনিচুকীয়াত ভূপেন বৰা : পৰিৱৰ্তনৰ ফল তিতা নে মিঠা তাৰ বুজ লবলৈহে আহিছে কংগ্ৰেছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ আগষ্ট : কংগ্ৰেছে এইবাৰ ভোট বিচাৰি ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্য্যসূচী গ্ৰহণ কৰা নাই ৷ ভোট কংগ্ৰেছে বিচাৰিব ৷ কিন্তু এইবাৰ কংগ্ৰেছ আহিছে ৰাইজে যি পৰিৱৰ্তন কৰিছিলে তাৰ কিবা সুফল পাইছে নে কুফল পাইছে তাৰ বুজ লবলৈ ৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্য্যসূচীৰ অধীনত তিনিচুকীয়া জিলাত অন্তিম দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে ইয়াত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত এইদৰে কয় ৷ তেওঁ আৰু কয় যে এফালে উন্নয়নৰ গংগা বৈছে বুলি কোৱা হয় ৷…
তিনিচুকীয়া ট্ৰেনজিত পইণ্ট : দুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰা গাড়ীৰ গোপন চেম্বাৰত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ আগষ্ট : ড্ৰাগছ সৰবৰাহৰ এক অন্যতম ’ট্ৰেনজিত পইণ্ট’ত পৰিণত হৈছে উজনিৰ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলা৷ তিনিচুকীয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযানৰ পাছতো ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা৷ প্ৰধানকৈ ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ বা তিনিচুকীয়াৰ মাজেৰে অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ নিতৌ বাছ, ৰেল অথবা ব্যক্তিগত বাহনৰ জৰিয়তে সৰবৰাহ হৈ আছে কোটি কোটি টকাৰ মাৰাত্মক ড্ৰাগছ ৷ উল্লেখ্য যে দুদিন পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে এছ টি এফৰ সহযোগত গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তালাচী চকী বহুৱাই জিলাখনৰ…
অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ২৯ আগষ্ট: তেজপুৰ হাইস্কুল শিক্ষক ভৱনত কালি অসম হাইস্কুল শিক্ষক সংস্থাৰ নৱনিযুক্ত যুটীয়া সম্পাদক তৰুণ চন্দ্ৰ নাথক সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটি আৰু শোণিতপুৰ জিলা কমিটিৰ ফালৰ পৰা সম্বদ্ধৰ্না জনোৱাৰ বাবে এখন সভা অনুষ্ঠিত হয়৷ সভাত সভাপতিত্ব কৰে অ-প্ৰাদেশীক উচ্চ মাধ্যমিক শিক্ষক- সন্থাৰ ৰাজ্যিক সভাপতি বিপুল শৰ্মাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছামধৰা হাইস্কুলৰ প্ৰধান শিক্ষক টিকাৰাম ছেত্ৰীয়ে৷ সভাত শোণিতপুৰ জিলাৰ সমূহ অ-প্ৰাদেশীকৃত হাইস্কুলৰ প্ৰধান…
তেজপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদঃমুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯আগষ্টঃ নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ লেকামহীন মূল্যবৃদ্ধি ৰোধ কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰা, স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰা আৰু জীৱনদায়ী ঔষধৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত আজি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত আজি তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ পৰা দুই শতাধিক ৰাইজে অংশ লোৱা এই কাৰ্যসূচীত আজি দিনৰ ১২ বজাত চহৰখনত থকা পৌৰসভা অধীনস্থ যানবাহন আস্হানত সমবেত হৈ হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড, ফেষ্টুন লৈ…
নীপকোৱে এৰা পানীয়ে প্ৰাণ ললে কণমানি ছাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ আগষ্টঃ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো বিগত প্ৰায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদীৰ লগতে জিলাখনৰ নদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগতে বহু ঠাইত বানৰ সৃষ্টি কৰিছে৷ ইফালে আজি নীপকোৱে কেবাখনো গেটেৰে ৰঙানদীত পানী এৰি দিয়াৰ ফলত পাভ বনাঞ্চলৰ সোনাপুৰ ৰিজাৰ্ভ গাঁৱত এগৰাকী কণমানি ছাত্ৰী বাঢ়নী পানীত ডুবি মৃত্যু মুখত পৰে৷ ৰঙানদীৰ বক্ষত নীপকোৱে ক্ৰমে ২০০ আৰু ৫০ এম এম পানী এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ নামনিত বানৰ সৃষ্টি হৈছে৷ আজি ৰঙানদীৰ বাঢ়নী পানীত পাভ বনাঞ্চলৰ…
প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ নাৰ্ছিংহোমত উত্তপ্ত পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ আগষ্ট : তিনিচুকীয়াৰ ৰঙাগড়া পথস্থিত আদিত্য ডায়েগ'নষ্টিকছ এণ্ড হাস্পতাল নামৰ চিকিৎসালয়খনত আজি এগৰাকী প্ৰসূতিৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ন-শৰাই অঞ্চলৰ মিতালী দাস নামৰ প্ৰসূতিগৰাকীৰ চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলি বহুসংখ্যক লোকে আজি বিয়লি চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অভিযোগ অনুসৰি আজি পুৱা প্ৰায় ৭:৩০ বজাত চিজাৰিয়ান অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পাছৰ পৰা বিয়লি পৰ্যন্ত…
বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে তেজপুৰৰ দৰং মহাবিদ্যালয়ত “ৰাণ ফৰ দ্য প্লেনেট” শীৰ্ষক সমূহীয়া দৌৰ
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ , ২৯ আগষ্টঃ বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত পুৱা ৫:৩০ বজাত " Run for the planet" শীৰ্ষক নামেৰে এক দৌৰা কাৰ্য্যসূচী দৰং মহাবিদ্যালয়ৰ IQAC, IIC, NSS, NCC আৰু দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ সহযোগত অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচী মুকলি কৰে দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ খীৰেন্দ্ৰ হালৈয়ে । দৰং মহাবিদ্যালয়ৰ পৰা পৰোৱা চাৰিআলি হৈ অনুষ্ঠিত কৰা এই দৌৰা কাৰ্য্যসূচী অংশগ্ৰহণ কৰে দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ আবাসীসকল, NCC, NSS ৰ সদস্য সকল, দৰং…
উত্তৰ লখিমপুৰ নগৰত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহাপুৰুষ৷ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ আয়োজন কৰিছে৷ তদুপলক্ষে অহা ২৪-২৫ ছেপ্তেম্বৰত বিজয় নগৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ ব্যৱস্থা কৰা হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে৷ ইতিমধ্যে জন্মজয়ন্তী উদযাপনৰ বাবে সাতখন উপ সমিতি গঠন কৰা হৈছে৷ তদুপলক্ষে নগৰ পশ্চিমাঞ্চলৰ অন্তৰ্গত খেলমাটি নামঘৰ, চানমাৰি নামঘৰ, শংকৰ মাধৱ নামঘৰ, বিজয় নগৰ নামঘৰ, বোৱালগুৰি নামঘৰ আৰু সনাতন নামঘৰৰ অন্তৰ্গত…
উত্তৰ লালুক গাঁও পঞ্চায়তত ২৪ লাখ টকাৰ নেমু বাগান কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত উত্তৰ লালুক গাঁও পঞ্চায়তত নেমু বাগান ৰোপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত নেমু বাগান ৰোপনৰ বাবে আৱণ্টন হোৱা ২৪ লাখ ৫০ হাজাৰ টকাৰ ধন নেমু বাগান স্থাপন নকৰাকৈয়ে সৰকাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০২০-২১ বৰ্ষত উত্তৰ লালুক গাঁও পঞ্চায়তলৈ ২৪ লাখ ৫০ হাজাৰ টকাৰ ধন আৱণ্টন হয়৷ এনৰেগা আঁচনিৰ অধীনত গাঁও পঞ্চায়তখনলৈ ৯৮ জন হিতাধিকাৰীৰ প্ৰতিগৰাকীৰ বাবে ২৫ হাজাৰ টকাকৈ ধাৰ্য কৰা হয়৷ সেই মৰ্মে…