নদীবান্ধৰ সন্দৰ্ভত আলফাৰ দুটা প্ৰস্তাব

0 219

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন. এইচ. পি. চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে ভৱিষ্যতে কঢ়িয়াই আনিব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰ আগৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু আজিও তাৰ বিৰোধিতা কৰে৷ কিন্তু একাংশ ৰাজনৈতিক নেতা, বুদ্ধিজীৱী, দল-সংগঠনৰ স্বাৰ্থপৰায়ণ নেতাৰ বাবে নিৰ্মাণ কৰ্তৃপক্ষই বান্ধটো প্ৰায় সম্পূৰ্ণ কৰিবলৈ সফল হ’ল৷ বিগত কেইমাহমানৰ পৰা ধাৰাবাহিকভাৱে উক্ত বান্ধত বহু ঘটনা সংঘটিত হৈ আহিছে আৰু একাধিকজনৰ জীৱন নাশ হৈছে৷ সম্প্ৰতি পাহাৰৰ ভূমিস্খলনত বান্ধটোৰ পৰা পানী বহিগমনত বাধা সৃষ্টি হোৱাত সোৱণশিৰি নদীখন শুকাই যোৱা পৰিলক্ষিত হৈছে৷ উজনি অংশত আবদ্ধ হৈ থকা পানীয়ে অনাগত দিনত বান্ধ ভাঙি নামনি অংশত চিকিম সদৃশ ভয়ঙ্ককৰ পৰিস্থিতি যে সৃষ্টি কৰিব সেয়া সহজেই অনুমেয়৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা উদ্ভৱ হ’ব পৰা বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন দল-সংগঠন, তথা সচেতন ৰাইজে বান্ধটোৰ নিৰ্মাণকাৰ্য্য বন্ধ কৰি দিবলৈ চৰকাৰক বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহাৰি জনোৱাৰ বিপৰীতে বান্ধটো অবিলম্বিতাৰে সম্পূৰ্ণ কৰাতহে জোৰ দিয়া হৈছে৷ চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তৰ বিপৰীতে উক্ত বান্ধটো নিৰ্মাণ কাৰ্য্য বন্ধ কৰি সোৱণশিৰি নদীখনক পুনৰুজ্জীৱিত কৰিবলৈ একাংশ সচেতন নাগৰিকে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনলৈ গোহাৰি জনোৱা আমাৰ চকুত পৰিছে৷

অসম-আৰুণাচল সীমান্তত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বৃহৎ নদীবান্ধৰ বিবাদ সমাধানৰ সূত্ৰ হিচাপে নৈপৰীয়া ৰাইজৰ লগতে অসমৰ থলগিৰি ৰাইজলৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে দুটাকৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পোষকতা কৰিছোঁ৷সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে নদীবান্ধৰ সন্দৰ্ভত আলফাৰ দুটা প্ৰস্তাব সন্দৰ্ভত জনাইছে যে

প্ৰথম প্ৰস্তাৱঃ অসমৰ থলগিৰি ৰাইজে যদি বৃহৎ নদীবান্ধ নিবিচাৰে আৰু এই নদীবান্ধ প্ৰতিৰোধৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ হস্তক্ষেপ বিচাৰে; তেন্তে নদীবান্ধ বিৰোধী প্ৰতিটো দল-সংগঠনৰ ফালৰ পৰা তিনিটা চৰ্ত সাপেক্ষে সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ প্ৰতিৰোধৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনক লিখিত আবেদন, প্ৰতিশ্ৰুতি, সম্পূৰ্ণ দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰে তেনেহ’লে আমাৰ সংগঠনে যিকোনো মূল্যৰ বিনিময়ত উক্ত বান্ধৰ নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিবলৈ কাৰ্য্যকৰী ব্যৱস্থা হাতত লব৷

১/ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিটো দল-সংগঠন আৰু নৈপৰীয়া ৰাইজে লিখিতভাৱে আমাক সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিব লাগিব আৰু “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সৈতে কোনেও সহযোগী হ’ব নোৱাৰিব৷

২/ নদীবান্ধ প্ৰতিৰোধৰ বাবে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে গ্ৰহণ কৰা যিকোনো পদক্ষেপ তথা পন্থাত কোনো দল-সংগঠন বা ব্যক্তিয়ে হস্তক্ষেপ কৰিব নোৱাৰিব৷

৩/ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে নিৰ্দ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত নদীবান্ধটোৰ সন্দৰ্ভত ধেমাজি আৰু লখিমপুৰ জিলাত কোনো ধৰণৰ ধৰ্ণা, প্ৰতিবাদ, বন্ধ ইত্যাদি কাৰ্য্যসূচী গ্ৰহণ কৰিব নোৱাৰিব৷

কিয়নো, অসম আন্দোলনৰ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনলৈকে মুক্তি বাহিনীয়ে একাংশ দল-সংগঠনৰ নেতা আৰু ব্যক্তিৰ আপোচকামী চৰিত্ৰ প্ৰত্যক্ষ কৰিছে৷ যি চৰিত্ৰৰ বাবে অসমৰ ৰাইজে কোনো এটা গণ আন্দোলনতেই সফল হ’ব পৰা নাই৷ অসমৰ থালগিৰি ৰাইজে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনক এই দায়িত্ব অৰ্পণ কৰিলে সংগঠনে নিজাববীয়াকৈ প্ৰয়োজন সাপেক্ষে সৰ্ব্বোচ্চ ত্যাগেৰে কাৰ্য্যসূচী সফল ৰূপায়নৰ বাবে আমাৰ শতগৰাকী সতীৰ্থই প্ৰাণ উচৰ্গা যদি দিব লগা হয় তাৰে বাবেও আমি সংগঠনৰ প্ৰতিগৰাকী নেতা, বিষয়া, সদস্য/সদস্যা সদা প্ৰস্তুত৷

দ্বিতীয় প্ৰস্তাৱঃ ওপৰত উল্লিখিত প্ৰস্তাৱৰ বিপৰীতে দল-সংগঠন আৰু থলগিৰি ৰাইজে যদি বৃহৎ নদীবান্ধ বিচাৰে তেন্তে চৰকাৰ আৰু এন. এইচ. পি. চিয়ে তলত উল্লেখ কৰা চৰ্ত সমূহ মানি চলিবলৈ বাধ্য কৰোৱাব লাগিব৷

১/ নিৰ্মাণৰত বৃহৎ নদীবান্ধটোৰ লগতে নৈখনৰ নামনি অংশ সুৰক্ষিত হ’ব নে নাই সেয়া বিদেশৰ বিশেষজ্ঞৰ দ্বাৰা নিৰীক্ষণ কৰি সুৰক্ষা নিশ্চিত কৰিব লাগিব৷

২/ প্ৰকল্পটোত উৎপন্ন হোৱা ১০০% বিদ্যুৎ অসমৰ ৰাইজে উপভোগ কৰাৰ সুবিধা নিশ্চিত কৰাৰ লগতে প্ৰকল্পটোত থলগিৰি যুৱকৰ নিযুক্তি সুনিশ্চিত কৰিব লাগিব৷

৩/ যদি ভৱিষ্যতে বান্ধটোত দুৰ্ঘটনা সংঘটিত তাৰ বাবে দায়ী হ’ব নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু চৰকাৰ, সেই দুৰ্ঘটনাত যদি ধন-সা-সম্পত্তি ক্ষতি হয় তেন্তে ক্ষতিগ্ৰস্তক তেওঁৰ সম্পূৰ্ণ ক্ষতিপূৰণৰ লগতে পুনঃসংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু জীৱন নাশ হ’লে ভুক্তভোগীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ আদায় দিয়াৰ প্ৰতিশ্ৰুতিৰে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰিব লাগিব৷

“সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ ফালৰ পৰা থলগিৰি ৰাইজলৈ ওপৰত উল্লিখিত দুটা প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ল৷ থলগিৰি ৰাইজে যিটো প্ৰস্তাৱৰ সপক্ষে আমাৰ হস্তক্ষেপ বিচাৰিব পূৰ্বচৰ্ত সাপেক্ষে সেয়া কাৰ্য্যকৰী কৰা হ’ব বুলি সদৰী কৰিছে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More