যুৱ মহোৎসৱঃ উখল-মাখল এল টি কেৰ চৌহদ

৭১ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণঃ পোন্ধৰশ প্ৰতিযোগীৰ অংশগ্ৰহণ

0 123

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ কাইলৈ ২২ জানুৱাৰীৰ পৰা লক্ষীমপুৰ জিলাৰ লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় চমুকৈ এল.টি.কে. মহাবিদ্যালয়ত আৰম্ভ হ’ব৷ এই উপলক্ষে আজি মহাবিদ্যালয় চৌহদত উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে৷ কাইলৈৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হ’ব লগা যুৱ মহোৎসৱত অংশ গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ৭১ খন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, তত্ত্বাৱধায়ক আৰু বাদ্যযন্ত্ৰী তথা কলা-কৌশলীসকল আহি মহাবিদ্যালয়ৰ চৌহদত ভীৰ কৰিছে৷ মহোৎসৱত বিভিন্ন মহাবিদ্যালয়ৰ পোন্ধৰশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব৷ আনহাতে যুৱ মহোৎসৱ আয়োজক সমিতিয়েও আজি নিশা পৰ্যন্ত প্ৰস্তুতি প্ৰায় তুংগত তুলিছে৷ কাইলৈ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে যুৱ মহোৎসৱ আৰম্ভ হ’ব৷ আজি বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিভিন্ন বাহন লৈ মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পাছতে বিয়লি ২ বজাৰ পৰা প্ৰতিযোগীসকলৰ নাম পঞ্জীয়ন আৰম্ভ হয়৷WhatsApp Image 2024 01 21 at 5.14.51 PM ইপিনে শিক্ষাৰ্থীসকলৰ লগত অহা তত্ত্বাৱধায়ক আৰু বাদ্যযন্ত্ৰী তথা কলা-কৌশলীসকলে পূৰ্বৰ পৰিচিতি সূত্ৰে এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰে৷ ব্যৱস্থাপনা উপসমিতিয়ে সমগ্ৰ আয়োজন নিখুঁত তথা পৰিকল্পিতভাৱে আগবঢ়াই নি আছে৷ কাইলৈ পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচীৰ বাবে উত্তোলনস্থলীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ৷ পতাকা উত্তোলন কাৰ্যসূচীত মহাবিদ্যালয়ৰ মূল পতাকা উত্তোলন কৰিব আয়োজক মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বুবুল কুমাৰ শইকীয়াই৷ একেদৰে ডিব্ৰুগড়. বিশ্ববিদ্যালয়ৰ পতাকাখনি উত্তোলন কৰিব পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সমন্বয়ক ড॰ সুৰজিৎ বৰকটকীয়ে আন এখন পতাকা উত্তোলন কৰাৰ সমান্তৰালভাৱে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ তথা তত্ত্বাৱধায়কসকলে নিজা নিজা মহাবিদ্যালয়ৰ স্বকীয় পতাকা উত্তোলন কৰিব৷ সেইমৰ্মে মুঠ ৭৬ খন পতাকা উত্তোলনৰ ব্যৱস্থা কৰা হৈছে৷ একেদৰে পতাকা উত্তোলনস্থলীৰ কাষতে স্মৃতি তৰ্পণৰ বেদী প্ৰস্তুত কৰা হৈছে আৰু যুৱ মহোৎসৱৰ উদ্‌যাপন সমিতিৰ সভাপতি ড॰ অমিয়া ৰাজবংশী আৰু লক্ষীমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই স্মৃতি তৰ্পণত অংশগ্ৰহণ কৰিব৷ যুৱ মহোৎসৱ উপলক্ষে এখনি গ্ৰন্থ বিপনীৰো ব্যৱস্থা কৰা হৈছে৷ সেইমৰ্মে ‘সতীৰ্থ জ্ঞানযাত্ৰা’ই আজি নিজা বিপনী সজাই-পৰাই তুলিছে৷ উত্তৰ লক্ষীমপুৰ নগৰৰ পৰা আজাদৰ এল.টি.কে. মহাবিদ্যালয় পৰ্যন্ত পথত বিভিন্ন দল-সংগঠনে আদৰণী তোৰণ স্থাপন কৰি যুৱ মহোৎসৱলৈ অহা প্ৰতিযোগী-প্ৰতিনিধিসকলক সাদৰ সম্ভাষণ জনোৱা পৰিলক্ষিত হৈছে৷ কাইলৈ পুৱা ৯-২০ বজাত মূল মঞ্চ উদ্‌ঘাটন কৰিব এল.টি.কে. মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা লক্ষীমপুৰৰ বিশিষ্ট সমাজকৰ্মী জয়ন্ত খাউণ্ডে৷ ৯-৩০ বজাত যুৱ মহোৎসৱৰ আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব৷ বন্তি প্ৰজ্জ্বলনেৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিব লক্ষীমপুৰ জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে৷ অনুষ্ঠান উদ্বোধন কৰিব লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই৷ উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰিব যুৱ মহোৎসৱৰ উদ্‌যাপন সমিতিৰ সভাপতি ড॰ অমিয়া ৰাজবংশীয়ে৷ কাইলৈৰ উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, বিহপুৰীয়াৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱাল, অসম অধ্যক্ষ পৰিষদৰ সভাপতি ড॰ সৌমাৰজ্যোতি মহন্তই অংশগ্ৰহণ কৰাৰ কথা৷ উদ্বোধনী অনুষ্ঠানৰ পিছতে পুৱা ১১-৩০ বজাত প্ৰতিযোগিতাসমূহ আৰম্ভ হ’ব৷ বিয়লি ৪ বজাত যুৱ মহোৎসৱৰ অন্যতম আকৰ্ষণীয় প্ৰতিযোগিতা–একাংক নাট প্ৰতিযোগিতা আৰম্ভ হ’ব৷ প্ৰতিযোগিতাখন মুকলি কৰিব লক্ষীমপুৰৰ বিশিষ্ট সমাজকৰ্মী ফণীধৰ বৰুৱাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More