যুৱ মহোৎসৱৰ ইতিহাসত অভিলেখঃ ৭২ খন মহাবিদ্যালয়ৰ অংশগ্ৰহণ

লখিমপুৰত বৰ্ণিল-বৰ্ণাঢ্য ৰূপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ আৰম্ভ

0 170

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ সাম্প্ৰতিক যুগটো যুৱ যুগ ৷ ভাৰতত সম্প্ৰতি ৬৫ শতাংশ লোক ৩৫ বছৰৰ ভিতৰৰ৷ সেয়ে এই সময়ছোৱাক যুৱ যুগ বুলি কোৱা হৈছে৷ যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানত প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰি আৰু আনৰ প্ৰতিভাৰ উমান ল’ব পাৰি৷ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ক্ৰমশঃ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অংশগ্ৰহণ কৰিবগৈ পাৰে৷ সেয়ে যুৱ মহোৎসৱ তেনে প্ৰতিযোগীৰ বাবে আখৰাস্থলী৷ এইক্ষেত্ৰত প্ৰতিজন প্ৰতিভাবানে নিজকে নিৰ্ণয় কৰাটো অতি কঠিন৷ এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাজনে অসাধ্য সাধন কৰিব পাৰে৷ কাৰণ এইটো অসাধ্য সাধন কৰাৰ বয়স৷ যিজনে নিজৰ প্ৰতিভা বুজি ৯৯ শতাংশ পৰিশ্ৰম কৰিব পাৰে সেইজনৰ প্ৰতিভা বিকাশ হ’বই।– এই ভাষ্য় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱাৰ। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি  ৰুক্ম গোহাঞিবৰুৱাই এইদৰে কয়। সেউজ পৰিবেশৰ লক্ষীমপুৰৰ এল.টি.কে. মহাবিদ্যালয়ত আজি বৰ্ণিল ৰূপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ আৰম্ভ হয়৷ পুৱা ১০ বজাত বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত যুৱ প্ৰজন্মৰ অতিকৈ আপোন যুৱ মহোৎসৱত সমবেত হয় লুইতৰ দুয়োপাৰৰ ৭২ খন মহাবিদ্যালয়ৰ ১৬ শতাধিক শিক্ষাৰ্থী৷ যুৱ মহোৎসৱৰ উদ্‌যাপন সমিতিৰ সভাপতি ড॰ অমিয়া ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত এল.টি.কে. মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাতা ইন্দ্ৰেশ্বৰ শৰ্মাৰ নাতি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ জয়ন্ত খাউণ্ডে মূল মঞ্চ উদ্বোধন কৰাৰ পিছতে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সভাখন উদ্বোধন কৰে৷ অনুষ্ঠানত যুৱ মহোৎসৱৰ উদ্‌যাপন সমিতিৰ সভাপতি ড॰ অমিয়া ৰাজবংশীয়ে বন্তি প্ৰজ্বলন কৰে৷WhatsApp Image 2024 01 22 at 5.09.20 PM মূল মঞ্চ উদ্বোধক জয়ন্ত খাউণ্ডে ভাষণ প্ৰসংগত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাতা তেখেতৰ ককাক ইন্দ্ৰেশ্বৰ শৰ্মাক সোঁৱৰি কয় যে ককাই অতি নিঃকিন কঠোৰ সময়ত যি সপোন দেখিছিল সেয়া অনেক গ্লানি মূৰ পাতি লৈও সপোন ত্যাগ কৰা নাছিল৷ তাৰেই ফলশ্ৰুতিত আজি এই মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ দৰে বৃহৎ আৰু মহৎ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে৷ সেয়ে তেখেতে নতুন প্ৰজন্মক সপোন দেখিবলৈ আহ্বান জনায়৷ সভা উদ্বোধন কৰি সাংসদ প্ৰদান বৰুৱাই কয়–ডিব্ৰুগড় বিশ্ববিদ্যালয়ক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ৷ যুৱ মহোৎসৱৰ প্লেটফ’ৰ্ম যদি শক্তিশালী হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে আনিব পৰা হয়৷ অসমত ক্ৰমশঃ ইয়াৰ পৰিবেশ উন্নত হৈছে৷ পৰিবেশ উন্নত হ’বলৈ এহাতে যিদৰে আন্তঃগাঁথনিৰ প্ৰয়োজন ঠিক একেদৰে গুৰুও সৃষ্টি কৰিব লাগিব৷ প্ৰতিভাক আগবঢ়াই নিয়ে গুৰুৱে৷ যুৱ মহোৎসৱত মহাবিদ্যালয়সমূহৰ অংশগ্ৰহণ পূৰ্বে সন্তোষজনক নাছিল কিন্তু এইবাৰ অভিলেখ সংখ্যক মহাবিদ্যালয়ে যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাটো ইতিবাচক দিশ৷ বিশিষ্ট অতিথি হিচাপে লক্ষীমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই কয়– পূৰ্বে উত্তৰ পাৰৰ বৃহৎ অঞ্চলটোত বিশেষ কোনো উদ্যোগ নাছিল৷ শিক্ষাৰ ক্ষেত্ৰত এই অঞ্চলটো আগৰে পৰা আগবঢ়া৷ লক্ষীমপুৰ-ধেমাজিৰ শিক্ষাৰ্থীয়ে ৰাজ্যৰ বিভিন্ন উচ্ছ আৰু ভাল শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিছিল৷ সম্প্ৰতি লক্ষীমপুৰতে দুখন বিশ্ববিদ্যালয় স্থাপন হৈছে৷ শিক্ষাৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে শিক্ষাৰ্থী দায়িত্বশীল নাগৰিক হ’ব লাগিব৷ প্ৰতিভাবান ছাত্ৰই নিয়ম ভংগ নকৰে৷ নিয়মানুৱৰ্তী হয়৷ যি গুণ সমাজৰ বাবে ভাল৷ সেয়ে যুৱ মহোৎসৱৰ দৰে অনুষ্ঠানৰ জৰিয়তে যিমানেই প্ৰতিভাৱান ছাত্ৰৰ সংখ্যা বৃদ্ধি হ’ব সিমানেই সমাজৰ বাবে মংগল৷ আজিৰ অনুষ্ঠানত উদ্‌যাপন সমিতিৰ সম্পাদক তথা এল.টি.কে. মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বুবুল কুমাৰ শইকীয়াই আদৰণী ভাষণ দিয়ে৷ ভাষণত তেখেতে মহাবিদ্যালয়খনৰ বাকৰিত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱলৈ অহা প্ৰতিজনকে শুভেচ্চা জ্ঞাপন কৰাৰ লগতে নিজ প্ৰতিভা বিকাশৰ বাবে আহ্বান জনায়৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে এইবাৰ ৰেক’ৰ্ড সংখ্যক ৭২ খন মহাবিদ্যালয়ে এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছে বুলি সদৰি কৰে৷ তেখেতে কয় ১৯৭৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ আৰম্ভণি হৈছিল৷ প্ৰথম পৰ্যায়ত বিশ্ববিদ্যালয়ৰ চৌহদতে এই যুৱ মহোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত পৰ্যায়ক্ৰমে জিলাবিলাকৰ অগ্ৰণী মহাবিদ্যালয়ত যুৱ মহোৎসৱ অনুষ্ঠিত হয়৷ পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্যাঞ্চলৰ মহাবিদ্যালয়সমূহেও যুৱ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাত সম্প্ৰতি এল.টি.কে.ৰ দৰে মহাবিদ্যালয়তো যুৱ মহোৎসৱ অনুষ্ঠিত কৰিব পৰা হৈছে৷ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড॰ সুৰজিৎ বৰকটকীয়ে কয় আজিৰ অনুষ্ঠানলৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় আহিব নোৱাৰিলে যদিও তেখেতে এই অনুষ্ঠানৰ সাফল্যৰ বাবে শুভেচ্চা জ্ঞাপন কৰিছে৷ এল.টি.কে. মহাবিদ্যালয়ত এই যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সহায়-সহযোগ কৰিছোঁ৷ শিক্ষাৰ সমান্তৰালভাৱে যুৱ মহোৎসৱে নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, ভাতৃত্ববোধ আৰু নেতৃত্ব আদি গুণৰ বিকাশ সাধন কৰে৷ সেয়ে যুৱ মহোৎসৱত প্ৰতিখন মহাবিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাতো উচিত৷ একেদৰে মহোৎসৱত সময়ৰ সদ্বব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো তেখেতে পৰামৰ্শ আগবঢ়ায়৷  উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অসম অধ্যক্ষ পৰিষদৰ সভাপতি ড॰ সৌমাৰজ্যোতি মহন্তই কয়–সমাজলৈ বিভিন্ন প্ৰত্যাহ্বান আহিছে যদিও প্ৰত্যাহ্বানৰ মুখামুখি হৈ তাক অতিক্ৰম কৰাতো প্ৰতিজনৰ দায়িত্ব৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ উদ্ধৃতিৰে তেখেতে কয় প্ৰত্যেকজন ব্যক্তিয়েই একোজন শিল্পী৷ সেয়ে শৈল্পিক সত্ত্বা-চেতনা জাগ্ৰত কৰাৰ বাবে যুৱ মহোৎসৱ এক আকৰ্ষণীয় অনুষ্ঠান৷ আজিৰ উদ্বোধনী অনুষ্ঠানতে যুৱ মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘উদিত আজাদ’ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে৷ স্মৃতিগ্ৰন্থৰ সম্পাদক ড॰ ৰণদ্বীপ বড়াই উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে৷ উদ্বোধনী অনুষ্ঠানতে যুৱ মহোৎসৱলৈ বিভিন্ন প্ৰকাৰে সহায়-সহযোগ কৰা তথা আৰ্থিক বৰঙণি আগবঢ়োৱা ফেডাৰেল বেংক গুৱাহাটীৰ জ্যেষ্ঠ প্ৰবন্ধক অভিনৱ ভাৰতী আৰু বিষয়া আদিত্য য়ামিন, ক্ষীৰদা কাকতি, ৰাজেন্দ্ৰ কুমাৰ বৰা, প্ৰফুল্ল নাথ, ৰূপ ফুকন, দিগন্ত কুমাৰ শইকীয়া, শৰৎ নাথ আদিক সম্বৰ্ধনা জনোৱা হয়৷ সামগ্ৰিকভাৱে সমগ্ৰ উদ্বোধনী অনুষ্ঠানটো আঁত ধৰে অন্যতম সম্পাদক ড॰ ভাস্কৰজিৎ বৰাই৷ উদ্বোধনী অনুষ্ঠানটো সঞ্চালনা কৰে উদ্‌যাপন সমিতিৰ সভাপতি ড॰ অমিয়া ৰাজবংশীয়ে৷ ভাষণত তেখেতে যুৱ মহোৎসৱ প্ৰতিভা বিকাশৰ, উপভোগৰ অনুষ্ঠান বুলি উল্লেখ কৰে৷ তেখেতে কয় আমি কিমান সুবিধা দিব পাৰিছোঁ নাজানো, কিন্তু এই মহোৎসৱলৈ আহি আপোনালোক উজ্জ্বলি উঠিছে৷ যুৱ মহোৎসৱ প্ৰাণৱন্ত আৰু সজীৱ অনুষ্ঠান৷ সেয়ে এল.টি.কে.ৰ বাকৰিলৈ নামি আহিছে বসন্ত৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ড॰ ভাস্কৰজিৎ বৰাই৷

ইয়াৰ পূৰ্বে আজি পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড॰ বুবুল কুমাৰ শইকীয়াই৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে৷ আনহাতে সাংস্কৃতিক বিভাগৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সমন্বয়ক ড॰ সুৰজিৎ বৰকটকীয়ে৷ পুৱা জ্ঝ বজাত স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিতিৰ সভাপতি ড॰ অমিয়া ৰাজবংশীয়ে৷ গ্ৰন্থ বিপনি উন্মোচন কৰে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ মুকুন্দ ৰাজবংশীয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More