আউনীআটী সত্ৰত সু-সাহিত্যিক প্ৰয়াত বদন দোলাকাষৰীয়া শ্ৰদ্ধাৰ্ঘ্য বিশেষ পৰিপূৰিকা উন্মোচন

0 47

বদন দোলাকাষৰীয়া সত্ৰ সমাজৰ সাহস, প্ৰেৰণাৰ স্তম্ভ স্বৰূপ আছিল–ড° পীতাম্বৰ দেৱ গোস্বামী

শতাব্দ প্ৰতিনিধি,মাজুলী,২৬,জুন: মাজুলীৰ জুগুণিধাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত বদন দোলাকাষৰীয়াৰ আজি আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চৰাত অনুষ্ঠিত এক অনুষ্ঠানত আউনীআটী সত্ৰৰ পৃষ্ঠপোষকতাত প্ৰকাশ কৰি উলিওৱা এখনি শ্ৰদ্ধাৰ্ঘ বিশেষ পৰিপূৰিকা উন্মোচন কৰে।আউনীআটী সত্ৰৰ পৰা প্ৰকাশিত ত্ৰিমাসিক আলোচনী সংস্কৃতি পল্লৱৰ প্ৰধান সম্পাদকৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰা প্ৰয়াত দোলাকাষৰীয়াৰ শ্ৰদ্ধাৰ্ঘ্য বিশেষ পৰিপূৰিকাখন আজি উন্মোচন কৰে আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে। তুলসী ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটোত আউনীআটী সত্ৰৰ পৃষ্ঠপোষকতাত তুৱাৰাম খনিকৰৰ সম্পাদনাৰ পৰিপূৰিকাখন উন্মোচন কৰি সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে- বদন দোলাকাষৰীয়া বহু জ্ঞানৰ মিনা কৰা এটি স্তম্ভ। ২৫ বছৰ ধৰি সত্ৰৰ সংস্কৃতি পল্লৱৰ সম্পাদক হিচাপে থকাৰ উপৰি আমাৰ সত্ৰ সমাজৰ সাহস, প্ৰেৰণাৰ স্তম্ভ স্বৰূপ আছিল। এইগৰাকী বৌদ্ধিক কাণ্ডাৰী যদি আকৌ জন্ম লবলগীয়া আছে তেন্তে পুনৰ যেন আমাৰ মাজলৈ আহে বুলি সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই ভাষণ প্ৰসংগত কয় যে- মাজুলীৰ শৈক্ষিক সামাজিক সাহিত্য ক্ষেত্ৰৰ কাণ্ডাৰী পুৰুষ বদন দোলাকাষৰীয়াৰ অভাৱ মৰ্মে মৰ্মে উপলব্ধি কৰিছো। মাজুলী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ ছাত্ৰ -কীৰ্তি ছাত্র আছিল প্ৰয়াত দোলাকাষৰীয়া। ব্যক্তি হিচাপেও তেওঁ অনুকৰণীয় ব্যক্তিত্ব সম্পন্ন লোক আছিল।  মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই কয় যে- ভাওনাৰ পৰা সংস্কৃতি, সাহিত্যৰ জগতলৈকে বদন দোলাকাষৰীয়াৰ অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেখেতৰ ভাৱাদৰ্শ বহু উৎকৃষ্ট আছিল। অধ্যয়ন পুষ্ট লেখাৰে সাহিত্য জগতত কীৰ্তি ৰাখি থৈ গৈছে বুলি উল্লেখ কৰে। অনুষ্ঠানত মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰভাত বৰা বুঢ়াভকত,মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়া, শিক্ষক কমল দত্ত, শিক্ষক ডিম্বেশ্বৰ দত্ত,জিতেন দোলাকাষৰীয়া,গোপাল বৰা আদিয়ে চমু বক্তব্য ৰাখে। অনুষ্ঠানত পৰিপূৰিকা সম্পাদনা সমিতিৰ পৃষ্ঠপোষক আউনীআটীয় ডেকাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, কাৰ্যবাহী সম্পাদক তুলসী ৰাজখোৱাকে আদি কৰি ভালে কেইজন বিষয়ববীয়া উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More