কৃত্ৰিম বানত জুৰুলা তিনিচুকীয়া : ক’ত গ’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি

ডি চিক আছুৰ স্মাৰক-পত্ৰ : তদন্তৰ দাবী

0 68

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : এজাক বৰষুণতে একাঁঠু পানীত ডুব যোৱা তিনিচুকীয়া চহৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তন্ময় গগৈৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক-পত্ৰখনত কোৱা হয় যে এজাক বৰষুণতে কৃত্ৰিম বানে সমগ্ৰ তিনিচুকীয়া চহৰ প্লাৱিত কৰি তোলাটো এক দীৰ্ঘদিনীয়া সমস্যা ৷ ইয়াৰ মুখ্য কাৰণ হৈছে অনুপযুক্ত নলা-নৰ্দমা ৷ যধেমধে নলা-নর্দমা নিৰ্মাণ কৰি থকা হৈছে যদিও বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ বাবে কৃত্রিম বানপানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ তিনিচুকীয়াবাসীক জীয়াতু ভোগাই অহা এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে আজিকোপতি চৰকাৰ, প্ৰশাসন, তিনিচুকীয়া পৌৰসভা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ কোনেও গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক-পত্ৰত অতিশীঘ্ৰে বিজ্ঞানসন্মতভাৱে নলা-নর্দমা নিৰ্মাণ কৰি কৃত্রিম বানপানীৰ জলন্ত সমস্যাটো সমাধান কৰিবলৈ দাবী জনায় ৷ উল্লেখ্য যে তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ কেৱল এজাক বৰষুণেই উদঙাই দিয়ে ৷ এজাক বৰষুণতে একাঠু পানীত ডুব যায় সমগ্ৰ তিনিচুকীয়া চহৰ ৷ মাত্ৰ ১৫ টা ৱাৰ্ডৰ সমষ্টি তিনিচুকীয়া পৌৰসভাৰ প্ৰায় প্ৰতিটো ৱাৰ্ডতে এজাক বৰষুণেই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ নলা-নৰ্দমা, বাটপথ সকলো বুৰ যায় পানীৰ তলত ৷ পৌৰ এলেকাৰ কেতবোৰ বিদ্যালয়তো সোমাই পৰে পথৰ কাষৰ নলাৰ প্ৰদুষিত পানী ৷ চহৰখনৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ উদ্ভৱ হয় ৷ লক্ষ্যনীয়ভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা নলালৈ পথৰ পানী যোৱাৰ কোনো সুবিধা নথকাত সাধাৰণ এজাক বৰষুণতে তিনিচুকীয়া চহৰত কৃত্ৰিম বানে প্ৰবল ৰূপ ধাৰণ কৰাটো এক নিয়মত পৰিণত হৈছে ৷ এজাক বৰষুণেই উদঙাই দিয়ে যে তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত ব্যয় কৰি অহা কোটি কোটি টকা প্ৰকৃততে একাংশ বিভাগীয় বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰৰ ব্যক্তিগত উন্নয়ন সাধনৰ বাদে চহৰখনৰ কোনো উন্নয়ন সাধিবলৈ সক্ষম হোৱা নাই ৷ সম্পূৰ্ণ অবৈজ্ঞানিকভাৱে নলা-নৰ্দমা আৰু বাটপথ নিৰ্মাণৰ নামত অপচয় কৰি অহা কোটি কোটি টকাৰ চৰকাৰী ধনৰাশিৰে এচামে পকেট গধুৰ কৰাৰ বিপৰীতে সাধাৰণ ৰাইজ কোনোপ্ৰকাৰে উপকৃত হোৱা নাই ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) অৰ্থাৎ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ নামত তিনিচুকীয়া চহৰৰ উন্নয়নৰ বাবে আবণ্টন দিয়া ২০০ কোটি টকা ব্যৱহাৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অসম চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষতে আবণ্টন দিয়া পুঁজিৰ ব্যৱহাৰত ব্যাপক বিসংগতি পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনত ৷ উল্লেখ্য যে চি আই ডি এফ আঁচনিৰ অধীনত বিভিন্ন শিতানত তিনিচুকীয়া চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি টকা ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা এটাও প্ৰকল্প চাৰি বছৰে সুচাৰুৰূপে সম্পূৰ্ণ নহ’ল । অভিযোগ অনুসৰি এই পুঁজিৰ অধীনত গ্ৰহণ কৰা প্ৰকল্পৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই যদিও ঠিকাদাৰে ইতিমধ্যে বৃহৎ পৰিমাণৰ পুঁজিৰ বিপৰীতে ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰি ধন মোকলাই নিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ অন্যান্য বাট-পথ উন্নয়নৰ বাবে চি আই ডি এফৰ অধীনত ঠিকাদাৰে ইতিমধ্যে ২৩ কোটি ৪৭ লাখ টকা ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ সংশ্লিষ্ট বিভাগক দাখিল কৰিছে ৷ কিন্তু তিনিচুকীয়াৰ বাট-পথ আৰু নলা-নৰ্দমাৰ উন্নয়নৰ নমুনা দেখিলে সকলোৰে চকু কপালত উঠিব ৷ এজাক বৰষুণতে একাঠু পানীত বুৰ যোৱা তিনিচুকীয়া চহৰত প্ৰকৃতাৰ্থত বাটপথ আৰু নলা-নৰ্দমাৰ উন্নয়ন শূন্য বুলি ক’ব পৰা যায় ৷ আন্তঃগাঁথনি উন্নয়ন বাবে চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকা কিদৰে হৰলুকি ঘটিছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More