ফুলে কোৱা কথাবোৰ…

0 111

তৃষ্ণা বৰগোহাঞি

      আজি আপোনালোকলৈ ফুল লৈ আহিছোঁ । হঠাতে ফুল কিয়? ৰ’ব, ফুলৰ যে ক’ত কথা ক’বলৈ আছে ! আপুনি কেতিয়াবা শুনিছেনে ফুলে কোৱা কথাবোৰ ! আজিয়েইতো নহয় ,ফুলবোৰে হাজাৰ বছৰ জুৰি ক’ত কথাই কৈ আহিছে ! সেয়ে হয়তো গৌতম বুদ্ধয়ো কৈছিল — “এপাহ ফুলে দেখুওৱা যাদু যদি তুমি স্পষ্টকৈ দেখা পোৱা তোমাৰ জীৱনেই সলনি হৈ যাব ! “

    WhatsApp Image 2022 12 31 at 3.35.30 PMবুদ্ধৰ মুখত বিয়পি থকা সেই স্নিগ্ধ হাঁহিটো আপুনি মন কৰিছেনে ? সেই হাঁহিটো যেন ফুলৰ জীৱনৰ পৰাই শিকি লোৱা এক অমোঘ মন্ত্ৰ ।মাটিৰ পৰা আহৰণ কৰা জীৱনশক্তিৰ প্ৰতিদান ফুলে কৃতজ্ঞতাৰ হাঁহিৰে দিয়ে । বীজ হৈ ভবিষ্যতক ধাৰণ কৰিবলৈ ফুল এপাহ কি নম্ৰতাৰে ঠানিৰ পৰা সৰি পৰে !

    মানুহৰ মনত সৌন্দৰ্যবোধ আৰু সৌন্দৰ্য চেতনা ফুলবোৰেই জগাই তুলিলে।সেয়েহে শিলৰ খোৰোঙত মানুহে হাজাৰ বছৰৰ আগতেও ফুলৰ ছবি আঁকিলে, চীনা গাভৰুৱে পাট কাপোৰত ফুলৰ চানেকি তুলিলে, শকুন্তলাই নিজকে ফুলেৰে সজালে।ফুলবোৰ ক’ত কবিৰ কবিতাৰ উপমা হ’ল, গানৰ মূৰ্ছনা হ’ল।অশোকবাটিকা, বেবিলনৰ বাগিছা ,হৰমোহনৰ বাগিছা -কত কথা কত কাহিনী ফুলৰ ! আমাৰ কবিয়ে (শংকৰদেৱে )কেৱল কেৱল ফুলৰ নামেৰেই লিখি গ’ল ‘হৰমোহন কাব্য ‘
” শিৰীষ সেউতী /তমাল মালতী /লৱঙ্গ বাগী গুলাল ।
কৰৱীৰ বক /কাঞ্চন চম্পক /ফুল ভৰে ভাঙ্গে ডাল ।।”

  WhatsApp Image 2022 12 31 at 3.30.53 PM আমি কিয় ফুল ভাল পাওঁ? ফুল আমি ভালপাওঁ কাৰণ ফুলে একেসময়তে আমাৰ কেইবাটাও ইন্দ্ৰিয়ক সক্ৰিয় কৰি তুলিব পাৰে। ৰঙৰ সমাহাৰ ,গঠনৰ কাৰুকাৰ্য আৰু সুগন্ধিৰ নৈবদ্য লৈ যেতিয়া আমাৰ সমুখত এপাহ ফুলি উঠে, আমি অজানিতেই ইয়াৰ সৌন্দৰ্যত মোহিত হওঁ। সি যিকি নহওক, ফুলৰ প্ৰতি মানুহৰ আকৰ্ষণ কিন্তু বিৱৰ্তন প্ৰক্ৰিয়াৰহে ফচল। যেনেকৈ পলিনেছনৰ বাবে ফুলে ভিন্ন কীট-পতঙ্গক আকৰ্ষণ কৰে, তেনেকৈয়ে ফুলে মানুহকো নিজৰ ৰূপেৰে আকৰ্ষিত কৰি ফুলৰ লালন-পালনৰ বাবে উদ্বুদ্ধ কৰি নিজৰ বংশবৃদ্ধিৰ এক কৌশল অৰ্জন কৰিছে ! আচৰিত নহয়নে? ফুলে মানুহক ফুলৰ খেতি কৰোৱালেও, প্ৰতিদানত ইও কিন্তু বিৱৰ্তনৰ সেই কালছোৱাত মানুহক কম সহায় কৰি থোৱা নাছিল ! কাৰণ ফুলে মানুহৰ মনত ইতিবাচক আবেগৰ সৃষ্টি কৰিছিল এই বতৰাৰ যোগান ধৰি যে কোনবোৰ ঠাইত মানুহৰ বাবে খাদ্য শস্যৰ উৎপাদন কৰিব পৰা যাব ! কিয়নো ফুলি থকা ফুলবোৰ আছিল মাটিৰ উৰ্বৰতাৰ প্ৰতীক।

  WhatsApp Image 2022 12 31 at 3.31.32 PM e1672506823873বিৱৰ্তনৰ সেই সময়বোৰৰ পৰাই ফুলবোৰে মানুহৰ মনত ইতিবাচক ভাবাৱেশৰ উন্মেষ ঘটায়। সেয়ে ফুল দেখিলে অজানিতেই নাচি উঠে আমাৰ মন ,আন্দোলিত হয় হৃদয় ! ইয়াৰ উপৰি ফুলে আমাক বহু কথা কয় ! কি কয় ? কয় …”Grow gracefully where life has planted you…” আৰু … ওহোঁ নকয় ।
ফুলে নকয় । ফুলে দেখুৱায় – Flowers donot tell, they show.
বিশ্বাস হোৱা নাই ! এই ছবিকেইখন চাওক !

ঠিকনাঃ সৰিয়হজান, কাৰ্বি আংলং 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More